মাহমৰা: মৰাণহাটৰ হেলাইগাঁৱত ঐতিহাসিক শ্ৰী শ্ৰী কৃষ্ণৰ গৰখীয়া মন্দিৰত প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক নেত্ৰী অলি মহন
চৰাইদেউ জিলাৰ মৰাণহাট হেলাইগাঁৱত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰীকৃষ্ণৰ গৰখীয়া মন্দিৰত আজি প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বাৰ্ষিক গৰখীয়া ভোজৰ আয়োজন কৰা হয় ৷ প্ৰায় ৭৫ বছৰ গৰকা এই ঐতিহাসিক গৰখীয়া মন্দিৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ পত্নী তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক নেত্ৰী অলি মহনে আগবঢ়োৱা শ্ৰী শ্ৰী কৃষ্ণৰ নৱনিৰ্মিত মুৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ এই অনুষ্ঠানত মৰাণহাটৰ কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷