তিনিচুকীয়াৰ ঐতিহাসিক তিনিকোণীয়া পুখুৰী আদি কৰি বহু ঐতিহ্যমণ্ডিত স্থানৰ দেৱালৰ কাষত জাৱৰ পেলাই কদৰ্যময় পৰিবেশ সৃষ্টি নকৰিবলৈ স্থানীয় লোক সকলে বাৰম্বাৰ অনুৰোধ জনাই আহিছে । তত স্বত্তেও ব্যৱসায়ী সকলে জাৱৰ জোথৰ পেলোৱাৰ লগতে সুৰাৰ খালী বটলসমূহ পেলাই পৰিবেশ বিনষ্ট কৰি পেলোৱাত ক্ষোভিত হৈ পৰিছে । এই ক্ষেত্ৰত তিনিচুকীয়া টিংৰাইত স্থাপন কৰা জাৱৰ নিষ্কাষণ কেন্দ্ৰটোৰ কাৰ্যকৰী হোৱা নাই বুলি কৈ পৌৰসভাক এই ক্ষেত্ৰত ব্যৱসায়ী সকলক ডাছবিন যোগান ধৰিবলৈ সোমবাৰে নিশা পুনৰ আহ্বান জনাইছে