চতিয়াৰ গোঁসাই চাপৰীত গুই সাঁপ উদ্ধাৰ সৰ্পবন্ধুৰ, চমজাই দিয়ে বন বিভাগত
চতিয়াৰ সৰ্পবন্ধু মানৱ অসমে চতিয়া থানা অন্তৰ্গত দক্ষিণ চতিয়াৰ গোঁসাই চাপৰীৰ এগৰাকী গৃহস্থৰ বাসগৃহৰ পাঁকঘৰৰ পৰা এটা গুই সাঁপ উদ্ধাৰ কৰে। প্ৰথমে গৃহস্থই এই গুই সাঁপ প্ৰত্যক্ষ কৰা পিচতে ঘৰত হুৱাদুৱা লাগে।তাৰ পিচতে সৰ্পবন্ধু মানৱ অসমক খবৰ কৰাত সেই ঠাইত উপস্থিত হৈ গুই সাঁপ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিলে।