গৌৰীপুৰ গেৰামাৰী দ্বিতীয় খণ্ড বলটমাৰা গাঁৱৰ পৰা এগৰাকী নাবালিকা ছোৱালীক অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি চাঞ্চল্য। জানিব পৰা মতে আজিৰে পৰা তিনিদিন আগত সন্ধিয়া আনুমানিক ৬ টা মান বজাত গৌৰীপুৰ মলাতি খামাৰৰ লম্পট আনাৰুল হকে গেৰামাৰিৰ পৰা ১১ বছৰীয়া ছোৱালী জনীক নিজ ঘৰৰ পৰা অপহৰণ কৰি লৈ যায়।