মাৰ্ঘেৰিটা: ডিগবৈ পেঙেৰী সংযোগী পথ অৱৰোধ কৰি মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ
ডিগবৈ বাপাপুংস্হিত " ফায়াৰ এণ্ড চেফটি " প্ৰতিষ্ঠানত অধ্যয়নৰত দৌলত ফুকন নামৰ এজন ছাত্ৰই অসম মালাৰ অধিনত নিৰ্মাণ হৈ থকা উন্মুক্ত কালভাৰ্টত দূৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰে । ছাত্ৰ জনৰ মৃত্যুত বুধবাৰে বিয়লি প্ৰায় ৩ বজাত ডিগবৈ পেঙেৰী সংযোগী পথ অৱৰোধ কৰি নিৰ্মীয়মাণ অৱস্থাত আধাৰুৱাভাৱে ৰাখি থোৱা পথটোৰ ঠিকাদাৰক ব্লেক লিষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায় ।