বৰপেটা: চৰকাৰী আবাস গৃহৰ জিঅ' টেগৰ নামত দুৰ্নীতিৰ অভিযোগত বৰ আগদিয়াত পথ অৱৰোধ
বৰপেটাৰ বৰ আগদিয়াত চৰকাৰী আবাস গৃহৰ জিঅ' টেগৰ নামৰ সংঘটিত হৈছে দূৰ্নীতি। চৰকাৰী আবাস গৃহৰ জিঅ' টেগৰ নামৰ ধন সংগ্ৰহৰ অভিযোগ ৰাইজৰ। বৰপেটাৰ নগাঁও গাওঁ পঞ্চায়তৰ সম্পাদক ছানিদুলৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ ৰাইজৰ। একাংশ হিতাধিকাৰী আৰু স্থানীয় ৰাইজে বৰ আগদিয়াৰ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ কৰে। ফলত সাধাৰণ ৰাইজৰ যাতায়ত বন্ধ হৈ পৰে।