বৰপেটা: অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী নহাটী নিবাসী বাদল চৌধুৰীৰ দেহাবসান, অন্তোষ্টিক্ৰিয়া সম্পন্ন
অসম নাট্য সন্মিলনৰ বঁটা প্রাপক, অমৰ পাঠক পৰিচালিত 'সংগ্রাম', 'সন্তান ' আৰু ৰনজিৎ শৰ্মাই পৰিচালনা কৰা "৩১ জুন" নামৰ কথাছবিত অভিনয় কৰা অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বৰপেটাৰ নহাটী নিবাসী বাদল চৌধুৰীৰ সোমবাৰে দেহাবসান ঘটে ৷ অভিনেতা, নাট্যকাৰ, নিবন্ধকাৰ সাংস্কৃতিক কর্মী বাদল চৌধুৰী ৫ দিন ধৰি বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল । সৰুৰে পৰা বাদল চৌধুৰীয়ে নাটক, কবিতাত ব্যস্ত আছিল ৷ তেখেতে নাটক অভিনয় কৰাৰ উপৰিও নাটক ৰচনাও কৰিছিল ৷