ধুবুৰী ভাগ: আগমনীৰ হালাকুৰাৰ বটেৰহাট মোৰত গৰু ভৰ্তি বাহন জব্দ
হালাকুৰা আৰক্ষীয়ে খেদি খেদি জব্দ কৰে ছটাকৈ চোৰাং গৰুৰ লগতে বলেৰো পিক আপ ভেন বাহন। বাহন এৰি পলায়ন চালক। আৰক্ষীয়ে চালকৰ পিছে পিছে খেদি যায় যদিও চালকজন পলাবলৈ সক্ষম হয়। পশ্চিমবংগৰ পৰা হালাকুৰা হৈ গৌৰীপুৰ অভিমুখে গৈ আছিল বাহনখন। জব্দকৃত বাহনখনৰ নম্বৰ AS - 17 C - 4435।