বিশ্বনাথ: ২নং ভোলাকাটাত নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ
নিশা বিশ্বনাথৰ গোৱালতলি গাঁৱৰ মনোৱাৰ হুছেইন (৩৫) বছৰীয়া এজনক যুৱকে ২নং ভোলাকাটাত নিজৰ পথাৰত গৰু আনিবলৈ যোৱা পিচতে বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় ৷ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো নিৰীক্ষণ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰি দিয়ে। ইফালে মৃত্যু হোৱা মনোৱাৰ হুছেইনৰ দৰিদ্ৰ পৰিয়ালটোক ক্ষতি পুৰন দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনক স্থানীয় লোকে দাবী জনায়।