গুৱাহাটী: জালুকবাৰীত গুৱাহাটী পৌৰ নিগমে এক উচ্ছেদ অভিযান, ৰাজপথৰ দাতিত থকা অবৈধ দোকান উচ্ছেদ কৰিলে GMCএ
গুৱাহাটীৰ জালুকবাৰীত গুৱাহাটী পৌৰ নিগমে এক উচ্ছেদ অভিযান চলাই। ৰাজপথৰ দাতিত থকা অবৈধ দোকান উচ্ছেদ কৰিলে GMCএ। দীৰ্ঘদিন ধৰি অঞ্চলটোত একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজপথ দখল কৰি দি আহিছিল দোকান। যাৰ ফলত ব্যাপক যানজটৰ সৃষ্টি হৈ আহিছে। ৰাইজৰ অভিযোগৰ ভিত্তিত বিভাগটোৱে আজি চলাই উচ্ছেদ অভিযান। ইফালে একাংশ GMCৰ কৰ্মচাৰীৰ হস্তক্ষেপতে অবৈধ দোকান চলি থকাৰ অভিযোগ কৰে স্থানীয় একাংশ লোকে।