ওদালগুৰি: ভোলাবাৰী বাগিচাত উদ্ধাৰ হয় এডাল বিৰল প্ৰজাতিৰ সাপ, সৰ্প বান্ধৰ কমলেশ্বৰ ৰাভাই সাপ ডাল উদ্ধাৰ কৰি মুকলি কৰিলে উদ্যানত
জিলা খনৰ কলাইগাঁৱৰ সমীপৰ ভোলাবাৰী বাগিচাৰ বাসিন্দা ভবেশ বড়াৰ বাসগৃহত উদ্ধাৰ হয় এডাল সাপ।ঘৰৰ ভিতৰত সাপডাল প্ৰত্যক্ষ কৰি ভয়তে সৰ্প বান্ধৰ কমলেশ্বৰ ৰাভাক খৱৰ দিয়ে।খৱৰ পোৱা মাত্ৰকে ৰাভা উক্ত স্থানত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰে। ইপিনে সাপডাল উদ্ধাৰ কৰি সৰ্প বান্ধৰ কমলেশ্বৰ ৰাভাই কলাইগাঁৱৰ কনকলতা জৈৱ বৈচিত্ৰ্য উদ্যানত সাপডাল মুকলি কৰি দিয়ে।