গুৱাহাটী: লোকসভা নিৰ্বাচনক লৈ হেদায়ৎপুৰস্থিত CPIMৰ কাৰ্যালয়ত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ সংবাদমেল সম্বোধন
সোমবাৰে গুৱাহাটীৰ হেদায়ৎপুৰস্থিত CPIMৰ কাৰ্যালয়ত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বিভিন্ন নিৰ্বাচন কেন্দ্ৰিক সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক মুকলি সমৰ্থন কৰাৰ পাছত যোৰহাটত গৌৰৱ গগৈক মুকলি সমৰ্থন CPI(M)ৰ। নিজস্বভাৱে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব CPI(M)ৰ কৰ্মীসকলে। শোণিতপুৰ, কাজিৰঙা সমষ্টিত বিজেপি বিৰোধী প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰচেষ্টা কৰিব বুলিও সংবাদমেল উল্লেখ CPIMৰ নেতৃত্বৰ।