মৰিগাঁও: এটা বছৰত দুবাৰকৈ কয়দী পলায়ন কৰা মৰিগাঁও জিলা কাৰাগাৰত নিশা হাজোতিৰ মৃত্যু
মৃত হাজোতিজন নগাঁও উলনি থানাৰ অন্তৰ্গত গৰৈমাৰিৰ চফিকুল ইছলাম।মৰিগাঁও আদালতৰ এটা প'ক্স গোচৰত কাৰাবন্দী হৈ আছিল চফিকুল ইছলাম।চফিকুল ইছলামক নিশা ২:২৫ বজাত মৃত অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল জেল কৰ্তিপক্ষয়।হাজোতি জনৰ মৃত্যু কাৰাগাৰ কৰ্তিপক্ষয় শ্বাস প্ৰশ্বাসত অসুবিধাত ভুগি হোৱা বুলি জানিবলৈ দিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাজোতি জনৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব।