ধিং: ঐতিহ্যমণ্ডিত বালিসত্ৰৰ দামোদৰ দেৱ আতা সত্ৰত উদুলিমুদুলি পৰিৱেশ, উপস্থিত সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা
Dhing, Nagaon | Nov 6, 2024 বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত ঐতিহ্যমণ্ডিত বালিসত্ৰৰ দামোদৰ দেৱ আতা সত্ৰত উদুলি মুদুলি পৰিবেশ।দামোদৰ দেৱ আতাৰ তিৰোভাৱ তিথি উপলক্ষে সত্ৰত উপস্থিত হয় অসম সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা।সত্ৰ পৰিদৰ্শন কৰি বুজ লয় সত্ৰৰ ভূমি বেদখলৰ কথা।জিলা খনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ উপস্থিতিত পবিত্র দিনটোতে উন্মোচন কৰা হয় সত্ৰৰ মূল তোৰণ।ইফালে আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সত্ৰত উপস্থিত হৈ বেদখলৰ কৱলত থকা সত্ৰ খনৰ ভূমি পৰিদৰ্শনও কৰে।