তিতাবৰ: মাধপুৰ খ্ৰীষ্টান গাঁৱত কৰুণ ঘটনা , ঘৰচীয়া হাতীক খাদ্য দিবলৈ যাওঁতেই হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ
তিতাবৰৰ মাধপুৰ খ্ৰীষ্টান গাঁৱত কৰুণ ঘটনা । ঘৰচীয়া হাতীক খাদ্য দিবলৈ যাওঁতেই হাতীৰ আক্ৰমণত প্ৰাণ গল এজনৰ । শনিবাৰে দিনৰ প্ৰায় চাৰি বাজি 45 মিনিটত সংঘটিত হয় এই ঘটনা । জিৰণি ল'বলৈ বুলি এজোপা গছত বান্ধি ৰখা হৈছিল এটা পোহনিয়া হাতী । আৰু হাতীটোক মিলন চহন নামৰ ব্যক্তিজনে খাদ্য দিবলৈ যাওঁতেই হাতীটোৱে কৰে আক্ৰমণ ।আক্ৰমণত থিতাতে নিহত হয় মিলন চহন ।