বিধায়ক নুৰুল হুদাৰ নেতৃত্বত Public Accounts Committee য়ে বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা প্ৰকল্পস্থলী সমূহ পৰিদৰ্শন কৰে আৰু তৃণমূল স্তৰত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই পৰিদৰ্শনচোৱাত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা উন্নয়ন আয়ুক্ত আৰু সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে।