পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালৰ সংবাদমেল
জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ''জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা'। অনুষ্ঠিত কৰিব জুবিন সংগীত প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱত এই বঁটা প্ৰদান কৰিব বুলি আজি শুক্ৰবাৰে বিয়লি ৪ বজাত বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে অৱগত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে