মৰাণ: কা বাতিলৰ দাবীৰে মৰাণত অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ উত্তাল প্ৰতিবাদ, গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ
আজি সোমবাৰে দিনৰ ১ বজাত কা বাতিলৰ দাবীৰে মৰাণ নগৰৰ মাজ মজিয়াত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিয়ে। সংগঠনতোৰ শতাধিক সদস্যই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ আৰু 'কা' বাতিলৰ দাবীত আদেশ পত্ৰৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।