কেমিত আজি গুৱাহাটী এছটিএফ আৰু জোনাই আৰক্ষীৰ যৌথ অভিযানত বৃহৎ আকাৰৰ দুটা হাতীদাঁত জব্দ কৰে। লোকসভা নিৰ্বাচনৰ গইনা লৈ একাংশ বনদস্যুই গোপনে জোনাইত চলাই গৈছে ৰমৰমীয়া চোৰাং ব্যৱসায়ী। কেমি অঞ্চলত ২ চোৰাং ব্যৱসায়ীয়ে এআৰ-০৯-০৯০৭ নম্বৰৰ টিভিএছ বাইকত হাতীদাঁত দুটা নি থকা অৱস্থাত এছটিএফ আৰু আৰক্ষীয়ে খেদি খেদি জব্দ কৰে যদিও চোৰাং চিকাৰী দুজন পলাই যাবলৈ সক্ষম হয়।