মৰিগাঁও: জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত শৈক্ষিক গোট দিব্বৈচাৰ উদ্যোগত "দিব্বৈচা"ৰ চতুৰ্থ সংস্কৰণ উন্মোচন,উপস্থিত অতিৰিক্ত আয়ুক্ত
মৰিগাঁও জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত শৈক্ষিক গোট দিব্বৈচাৰ উদ্যোগত প্ৰকাশ হৈ অহা প্ৰাচীৰ পত্ৰিকা "দিব্বৈচা"ৰ চতুৰ্থ সংস্কৰণ, ছেপ্তেম্বৰ-২০২৫ উন্মোচন কৰা হয়। অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মা আৰু যুটীয়া সঞ্চালক অৰুণ কুমাৰ নাথ। প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি অনুসূয়া শৰ্মাই কয় যে এনেধৰণৰ কাৰ্যই মানুহৰ সৃষ্টিশীলতাক বিকাশ কৰে। এনেধৰণৰ প্ৰাচীৰ পত্ৰিকা সমূহে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক সৃজনী