মাৰ্ঘেৰিটা: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিধিপথালি দিয়া ট্ৰাইবেল সংঘলৈ মাৰ্ঘেৰিটাত সকীয়নী কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিধিপথালি দিয়া ট্ৰাইবেল সংঘৰ ওপৰত বুধবাৰে মাৰ্ঘেৰিটাত জাঙুৰ খাই উঠিল কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি। জনজাতীকৰণ কোনো নিৰ্দিষ্ট সংগঠনৰ পৰা বিচৰা নাই ,চৰকাৰৰ পৰা হে বিচাৰিছে বুলি ট্ৰাইবেল সংঘক সকীয়াই দিয়ে কোচ ৰাজবংশী ছাত্ৰ সন্থাই । লগতে অহা ১৯ তাৰিখে উত্তৰ মাৰ্ঘেৰিটাৰ ৰংগমঞ্চত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বিয়লি প্ৰায় ৩ বজাত সংবাদ মাধ্যমৰ জৰিয়তে কোচ ৰাজবংশী ছাত্ৰ সন্থাই অৱগত কৰে ।