ওদালগুৰি: বৰঝাৰত অনুষ্ঠিত হয় বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ সভা, উপস্থিত থাকে বিধায়ক কমলাক্ষ দে পুয়কায়স্ত
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে জিলা খনত সৰ্বত্ৰে চলিছে নিৰ্বাচনী প্ৰচাৰ সভা। সেইদৰে জিলা খনৰ পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰঝাৰত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত বিধায়ক কমলাক্ষ দে পুয়কায়স্ত উপস্থিত হৈ দলৰ প্ৰাৰ্থী গৰাকীক সপেক্ষ ভোটদান কৰিবলৈ আহ্বান জনায়। ইপিনে সভাত প্ৰাক্তন এমচিএলএ দীপক মৌৰৰ লগতে দলৰ কাৰ্য্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।