স্থানীয় ৰোকাখাতা আদৰ্শ উঃমাঃ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়ৰ অধ্যক্ষ সাহানুৰ ইছলামৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভা। বিলাসীপাৰা আৰক্ষী নিবেশৰ পৰিচালনা সমিতিৰ সভাপতি পুৰন্দৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট শিক্ষাবিদ তথা সমাজ সেৱক পৰিতোষ ঘোষে নিজ ভাষণত ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় দৰ্শনক সৰোগত কৰি নিজৰ ভবিষ্যত জীৱন গঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়।