নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ধুবুৰীৰ বালাজান আৰক্ষীৰ অভিযানত জব্দ প্ৰায় পাঁচ কেজি নিসিদ্ধ গাঞ্জা। দেওবাৰে বিয়লি প্ৰায় তিনি মান বজাত বালাজান আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সন্দেহযুক্ত লোকসকলৰ পৰা ৫ কেজি সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰে।লগতে আটক কৰে এটা গাঞ্জা ব্যৱসায়ীক। ধৃত ব্যৱসায়ীটোৰ নাম কুতুবুদ্দীন আলী, ধৃত গাঞ্জা ব্যৱসায়ীটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।