বৰপেটা: সদৌ অসম গৰীয়া জাতীয় পৰিষদ জিলা সমিতিয়ে তেওলোকৰ বিভিন্ন দাবীত জিলা আয়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
সদৌ অসম গৰীয়া জাতীয় পৰিষদ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।অসমৰ গৰীয়া জনগোষ্ঠী বিভিন্ন দিশত পিছ পৰি আছে আৰু ইয়াৰ সমাধানৰ নিৰ্মিতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ২০২১ চনতে অসমৰ মুখ্যমন্ত্ৰীয়ে গৰীয়া জনগোষ্ঠীৰ লগতে আন আন জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে ৭ খনকৈ উপ সমিতি গঠন কৰিছিল যদিও আজিলৈকে কাৰ্যক্ৰম নহ'ল। গৰীয়া জনগোষ্ঠীৰ ওপৰত ডি ভোটাৰ লজ্জাজনক বুলি উল্লেখ কৰে ।