বৰপেটা: বৰবজাৰ যুৱক সংঘৰ উদ্যোগত শ্রীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ পালন, চহৰখনত ভাগৱত ভ্ৰমণ
বৰপেটা বৰবজাৰ যুৱক সংঘৰ উদ্যোগত জগৎ গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন ৷ বৰপেটা বৰবজাৰ শ্রীশ্রীনাৰায়ণ দাস ঠাকুৰ আতা ক্ষেত্ৰ ১ অক্টোৱৰৰ পৰা ৪ অক্টোৱৰলৈ চাৰিদিনীয়াকৈ পালন কৰা হয় জগৎ গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ৷ জগৎ গুৰু শ্রীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বুধবাৰে চহৰখনৰ মুখ্য পথ সমুহেৰে এক ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷