মৰিগাঁও: ভূমিকম্পৰ ফলত চিৰাল ফাঁট মেলিছে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰিত,ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ চিৰাল ফাট মেলাত আতংকিত ৰাইজ
দেওবাৰে বিয়লি ৪:৪২ মিনিটত অহা ভূমিকম্পৰ ফলত চিৰাল ফাঁট মেলিছে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচাপৰিত।ভুমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ চিৰাল ফাট মেলাত আতংকিত স্থানীয় ৰাইজ।ঢেকিয়াজুলিৰ পৰা ১৬ কিঃমিঃ দূৰত্বত ভুমিকম্পৰ অভিকেন্দ্ৰ হ'লে বৰচাপৰি অঞ্চলৰ পাৰ্শ্ববৰ্তী হয়। ভুমিকম্পৰ অভিকেন্দ্ৰৰ ওচৰতে হোৱাৰ বাবেই এনেদৰে বৃহৎ চিৰাল ফাঁট মেলাৰ সন্দেহ সচেতন মহলৰ।