গুৱাহাটী: হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন আঁচনিৰ কাম-কাজ সন্দৰ্ভত বৈঠক, উপস্থিত DC সুমিত ছাত্তাৱন
কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ খতিয়ান সন্দৰ্ভত মাহিলি পৰ্যালোচনা বৈঠকখন বুধবাৰে হেঙেৰাবাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হৈ যায়। কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱনৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাত জিলা আয়ুক্তই অংশগ্ৰহণকাৰী বিষয়াসকলক চৰকাৰী আঁচনিসমূহ সঠিকভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়।