ওদালগুৰি: বেঘাপাৰাত আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ সমাধিস্থলীত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনালে এমচিএলএ পল টপ্পই
আছাৰ সভাপতি প্ৰদীপ নাগৰ যোৱা ৮ এপ্ৰিলত আকস্মিক ভাবে মৃত্যু হোৱাত সমগ্ৰ ৰাজ্যখনত শোকৰ ছাঁ পৰে। আদিবাসী জাতীয় নায়ক হিচাপে অভিহিত কৰা প্ৰদীপ নাগৰ স্মৃতি সৌধ এটি জিলা খনৰ বেঘাপাৰাত নিৰ্মাণ কৰা হয়। উক্ত স্মৃতি সৌধত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচিৰ এমচিএলএ পল টপ্পই। ইপিনে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে দলীয় কৰ্মকৰ্তা আৰু স্থানীয় লোক উপস্থিত থাকে।