পূব ডিব্ৰুগড়: মোহনবাৰী বায়ুসেনাত শ্ৰমিকৰ মৃত্যুকলৈ মোহনবাৰীত আছুৰ সংবাদমেল, শ্ৰম আইন উলংঘা কৰাৰ অভিযোগ ডিজি এন্টাৰপ্ৰাইজৰ বিৰূদ্ধে
ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ্যুৎষ্পৃষ্ট হৈ আকস্মিক মৃত্যু হোৱা চাবুৱাৰ হেজেল বেংক চাহ বাগিচাৰ মুড়া লাইনৰ বিকি দাসৰ ন্যায়ৰ দাবীৰে আজি বুধবাৰে বিয়লি ৩ বজাত মোহনবাৰীত আছুৱে এক সংবাদমেল সম্বোধন কৰে। উল্লেখযোগ্য যে, মোহনবাৰী বায়ুসেনাত দিনেশ গগৈ এন্টাৰপ্ৰাইজ নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত বিকি দাস নামৰ এজন শ্ৰমিকে দীৰ্ঘ দিন ধৰি কৰ্মৰত হৈ আছিল