বৰপেটা: দূৰ্নীতি নিবাৰকৰ দলৰ বৰপেটাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান, দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ
দূৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ দলৰ বৰপেটাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযান। ডায়গ্ন'ষ্টিক চেন্টাৰৰ অনুজ্ঞা লাভৰ বাবে কাৰ্যালয়টোৰ কৰ্মচাৰীয়ে দাবী কৰা ধন আদায়ৰ সময়তে কাৰ্যালয়টোৰ দুই কৰ্মচাৰীক হাতেলোটে গ্ৰেপ্তাৰ । দূৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ দলে গ্ৰেপ্তাৰ কৰা কৰ্মচাৰী দুজন হৈছে বৰপেটাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক জুৰিমা আহমেদ আৰু পিয়ন বাবুল গয়াৰী।