ওদালগুৰি: কলাইগাঁওত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৰাজনৈতিক দল সমুহৰ মাজত। সেইদৰে জিলা খনৰ কলাইগাঁৱত কংগ্ৰেছ দলে মুদৈবড়ী সমষ্টিৰ প্ৰাৰ্থী গৰাকীৰ বাবে এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি সভা খন সম্বোধন কৰে। আনহাতে সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া প্ৰমুখ্যে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ লগতে অঞ্চলৰ ৰাইজ উপস্থিত থাকে।