মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ বৰগোলাইত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা সহ এজনক আটক আৰক্ষীৰ
সোমবাৰে সন্ধ্যা প্ৰায় ৭ বজাত মাৰ্ঘেৰিটাত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ গাঞ্জাসহ আটক কৰে এজনক । মাৰ্ঘেৰিটাৰ বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ পৰা আটক কৰে লোকজন। আটকাধীন লোকজন শন্তু প্ৰসাদ গুপ্তা(৫৬)। তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফায়েজ আহমেদ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ নেতৃত্বত আৰক্ষীৰ অভিযানত আটক লোকজন। লোকজনে দীৰ্ঘদিনৰ পৰা নিজৰ দোকানতে অবৈধ ভাৱে গাঞ্জা ব্যৱসায় কৰি আহিছিল।