গুৱাহাটী: বৰাগাঁৱত মাতৃক পলুৱাই নিব নোৱাৰি অপহৰণ কৰিলে দুবছৰীয়া শিশুক, গড়চুক আৰক্ষী থানাত আটক অপহৰণকাৰীক
গুৱাহাটীৰ বৰাগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এটি কণমানিক অপহৰণৰ অপচেষ্টা। অপহৰণকাৰী বিজয়নগৰৰ পবিত্ৰ দাসক আটক কৰিছে আৰক্ষীয়ে। আজাৰাৰ পৰা আটক কৰে পবিত্ৰ দাসক। মাতৃক পলুৱাই নিব নোৱাৰি শিশুটিকে অপহৰণৰ অপচেষ্টা কৰিছে লোকজনে। প্ৰেমজনিত কাৰণৰ বাবে এই ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে জব্দ কৰিছে ঘটনাত ব্যৱহাৰ কৰা বাহনখন। সম্প্ৰতি আটকাধীন পবিত্ৰ দাসক গড়চুক আৰক্ষী থানাত ৰখা হৈছে।