পূব ডিব্ৰুগড়: সম্প্ৰীতি-ভ্ৰাতৃত্ববোধৰ প্ৰেম বিলাই ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো পৱিত্ৰ "ঈদুল ফিটৰ" উৎসৱ পালন কৰা হয়। ইছলামধৰ্মী লোকসকলে সম্পূৰ্ণ এমাহ উপবাস থকাৰ পাছত পৰম্পৰাগত ভাৱে ঈদ উদযাপন কৰে। ডিব্ৰুগড়ৰ আমোলাপট্টি মজিদত পোৱা সাত শ লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। ঈদৰ নামাজত ইমামতি কৰে মিৰ্জাবাগ মাজিদৰ পেচ ইমাম আনুৱাৰ হুছেইনে। নামাজৰ অন্তত ইমাম গৰাকীয়ে হিন্দু মুচলমানৰ মাজত সাতাম পুৰুষীয়া মিলা প্ৰীতি, সম্প্ৰীতি আৰু বিশ্বভ্ৰাতৃত্বৰ কথা কোৱাৰ লগতে বিশ্বশান্তি কামনা কৰি তেওঁ দোৱা আশীৰ্বাদ কৰে।