বৰপেটা: আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উন্নয়ন আয়ুক্ত সঞ্জীব কুমাৰ শৰ্মাৰ সভাপতিত্বত উন্নয়ন সমিতিৰ সভা
বৰপেটা জিলাৰ জিলা উন্নয়ন সমিতিৰ সভা এখন জিলা উন্নয়ন আয়ুক্ত সঞ্জীব কুমাৰ শৰ্মাৰ সভাপতিত্বত আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় আৰু ৰাজ্যিক পৃষ্ঠপোষকতাৰ অধীন চলিত বিভিন্ন যোজনা আৰু প্রকল্পৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।জনস্বাস্থ্য আৰু কাৰিকৰী, পিডব্লিউডি, জলসম্পদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সমাজকল্যাণ, কৃষি, পশুপালন, শিক্ষা আদি বিভাগ সমূহৰ কামৰ অগ্ৰগতি সম্পৰ্কে সভাত আলোচনা কৰা হয় ৷