ওদালগুৰি: ৰজাগড়ত অনুষ্ঠিত হয় বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ সভা, সভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় দল বিজেপিৰ।বিটিচিত সকলো সমষ্টিৰ লগতে জিলা খনৰ নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ ৰজাগড়ত বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক আশ্বাস বিশ্বাস আৰু বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে বিজেপি দলৰ প্ৰাৰ্থী গৰাকীৰ সপেক্ষ ভোটদান কৰিবলৈ আহ্বান জনায়।