সাপেখাতী: শিমলু তলত অবৈধ চোলাই মদৰ বিৰুদ্ধে আবকাৰী অভিযান,এটা চোলাই ভাতি ধ্বংস
আবকাৰী এটা দলে চোলাই মদৰ বিৰুদ্ধে শিমলু তলত বুধবাৰে ৪-৩০বজাত অভিযান চলায় । উল্লেখ্য যে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চোলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে চোলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি শিমলুতলত আবকাৰী এটা দলে অভিযান চলাই এটা চোলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ৬০ লিটাৰ চোলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।