বৰপেটা: ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক সনাতন দাসক গৰীয়া মৰীয়া দেশীয় পৰিষদৰ সম্বৰ্ধনা
অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নৱ নিৰ্বাচিত সনাতন দাসক সোমবাৰে ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত গৰীয়া মৰীয়া দেশীয় পৰিষদে সম্বৰ্ধনা জনায় ৷ অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক সনাতন দাসে ৰাজ্যৰ চুক কোণে থকা প্ৰতিভাসম্পন্ন খেলুৱৈসকলক আগবঢ়াই অনাটোও হব তেওৰ অন্যতম দায়িত্ব হব বুলি মন্তব্য কৰে ।