ধেমাজি: জোনাইৰ চিগাৰ এগৰাকী লোকৰ ঘৰত বিধ্বংসী অগ্নিকাণ্ড, দুটা ঘৰ ভষ্মীভূত হোৱাৰ লগতে এজন লোক অগ্নিদগ্ধ হৈ আহত
জোনাইৰ চিগাত বৃহস্পতিবাৰে মাজনিশা প্ৰায় ১২-৩০ বজাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। চিগা অসমীয়া গাঁৱৰ নিবাসী নিপুণ পেগু নামৰ ব্যক্তিজনৰ বাসগৃহত মাজনিশা বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো। এই অগ্নিকাণ্ডত এটা ভঁৰাল আৰু দুটা বাসগৃহ ভষ্মীভূত হয় আৰু এজন লোক অগ্নিদগ্ধ হৈ আহত । ইয়াৰোপৰি এখন পাৱাৰ টিলাৰ, পানী পাম্পৰ লগতে বহু প্ৰয়োজনীয় নথি জ্বলি যায়।