ধুবুৰী ভাগ: আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা তামাৰহাটৰ মেছপাৰা গাঁৱৰ মনোহৰী ৰায়ৰ বাসগৃহত উপস্থিত ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ
পুত্ৰৰ মৃত্যুত ভাগি পৰা মনোহৰী ৰায়ৰ পৰিয়ালৰ লগত সাক্ষাৎ কৰে ধুবুৰী জিলা বিজেপিৰ সভাপতি গৰাকী। একেবাৰে দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী পাচঁ লাখ টকাৰ আৰ্থিক সাহায্যৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰীৰ লগতে বিজেপি ৰাজ্যিক সভাপতিক অৱগত কৰাৰ কথা উল্লেখ কৰে। লগতে ধুবুৰী জিলা বিজেপিৰ ফালৰ পৰা মৃত মনোহৰী ৰায়ৰ আদ্য শ্ৰাদ্ধৰ বাবে দহ হাজাৰ টকাৰ প্ৰদান কৰে জিলা সভাপতি গৰাকী।