পূব ডিব্ৰুগড়: NSUI য়ে মন্ত্ৰী পিযুষ হাজৰিকাক মাছ বেপাৰী আখ্যা দিয়াকলৈ বিৰোধিতাৰে সদৰত প্ৰতিক্ৰিয়া অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ
শিল্পী জুবিন গাৰ্গকলৈ নিকৃষ্ট ৰাজনৈতিক কৰি সামাজিক মাধ্যমত কংগ্ৰেছৰ ছাত্র সংগঠন NSUI য়ে জাতি আৰু কৰ্মৰ আধাৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাক অশ্লীল মন্তব্য দিয়াকলৈ আজি বৃহস্পতিবাৰে বিয়লি ৪ বজাত সদৰত গৰজি উঠিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ। মন্ত্ৰী পিযুষ হাজৰিকাক NSUI য়ে মাছ বেপাৰী বুলি কোৱাকলৈ বিৰোধিতা কৰি সংগঠনটোৰ সাংগঠনিক সম্পাদক অভিজিৎ দাসে সংবাদমাধ্যমৰ জৰিয়তে তীব্ৰ গৰিহণা দিয়ে