ওদালগুৰি: খৃষ্টানপাৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা,
এজন নিহত হোৱাৰ লগতে এখন লোক আহত হয়
জিলা খনৰ তেলিয়াপাৰাৰ সমীপৰ খৃষ্টানপাৰাত স্কুটীৰ খুন্দাত এজন লোক নিহত হয়।ঘটনা অনুসৰি টংলা অভিমুখে আহি থকা AS27G6365 নম্বৰৰ স্কুটীৰ চালক জনে হথাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষেৰে গৈ থকা এজন পথচাৰীক খুন্দা মাৰে।যাৰ ফলত লোক জন দূৰ্ঘটনা স্থলীতে মৃত্যু হয় আৰু চালক জনো আহত হয়। দূৰ্ঘটনাৰ খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোক জনক চিকিৎসাৰ ব্যৱস্থা কৰে আৰু স্কুটী খন জব্দ থানালৈ লৈ যায়।