গুৱাহাটী: ভৰলুমুখৰ সুৰাৰ বিপনীত চোৰৰ লুটপাট, ভৰলুমুখ থানাৰ কাষতে এই চাঞ্চল্যকৰ চুৰিকাণ্ড
গুৱাহাটীৰ ভৰলুমুখত শণিবাৰে দিনদুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড। ভৰলুমুখ আৰক্ষী থানাৰ সমীপতে চোৰে চলালে চাফাই অভিযান। এখন সুৰাৰ বিপনীৰ চিলিং ভাঙি প্ৰৱেশ কৰে চোৰ। চোৰে লুটিলে দোকানখনৰ প্ৰায় ৬০হাজাৰ টকাৰ সুৰাৰ বটল, ১,২০,০০০ নগদ ধন আৰু বহু মূল্যৱান সা-সামগ্ৰী। সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে ভৰলুমুখ আৰক্ষী। কিন্তু ভৰলুমুখ থানাৰ কাষতে সংঘটিত এই চুৰিকাণ্ডই উদঙাইছে আৰক্ষীৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ।