বৰপেটা: লাট মণ্ডল সুৰজিৎ ডেকাৰ দঙৰকুছিৰ ঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান
বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷ বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান ৷ বৰপেটা দঙৰকুছিত থকা সুৰজিৎ ডেকাৰ ঘৰত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ ৷ বৰপেটাৰ পুৰ্বৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ সতে সম্পৰ্ক গঢ়ি বৰপেটাৰ বিভিন্ন স্থানত মাটি সম্পত্তি কৰাৰ অভিযোগ সুৰজিৎ ডেকাৰ বিৰুদ্ধে ৷ পুৰ্বে বৰপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল আছিল সুৰজিৎ ডেকা ৷ ইপিনে বৰপেটাৰ পুৰ্বৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ বৰপেটাৰ ভাড়া ঘৰতো অভিযান ৷