মৰাণ: ‘আম আদমী পাৰ্টি ( আপ ) মানে সুৰা’, ‘সুৰা কেলেংকাৰী’- মৰাণত নিশা কেবিনেট মন্ত্ৰী বিমল বড়াৰ মন্তব্য
পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে নহয় । বিহু চাবলৈহে আহিছে । কেনেবাকে কাজিৰঙাত কটাব পৰা যায় নেকি, এই কথা-বতৰাবোৰৰ কাৰনেহে তেঁও আহিছে । এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ । ইফালে আপৰ প্ৰাৰ্থীগৰাকীয়ে মদৰ বটল বিলোৱা বুলি অভিযোগ বিমল বড়াৰ । ‘আপ মানে সুৰা’, ‘সুৰা কেলেংকাৰী’ । নিশা সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী বিমল বড়াই মন্তব্য প্ৰদান কৰে এনেদৰে ।