গুৱাহাটী: মহানগৰীৰ ফাচীবজাৰত হস্ততাঁত বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ এটা অভিযানকাৰী দলৰ মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে অভিযান
বৃহস্পতিবাৰে দিনৰ ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ প্ৰায় দুঘণ্টা সময়ধৰি ফাচীবজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানত মেচিনত বোৱা গামোচাৰ বিৰুদ্ধে অভিযান চলাই হস্ততাঁত বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ এটা অভিযানকাৰী দলে ৷ অভিযান কালত জব্দ হয় কেইবা শতাধিক মেচিনত বোৱা গামোচা ৷ অন্যহাতে মেচিনত বোৱা গামোচা যাতে আগন্তুক সময়ত বিক্ৰী নকৰে তাৰ বাবে সকিয়নী প্ৰদান কৰে অভিযানকাৰী দলটোত যোৱা বিষয়াই ৷