লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ৮০নং জোনাই বিধানসভা সমষ্টিৰ কেইবাখনো গাঁৱত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। প্ৰচাৰৰ অভিযানত কংগ্ৰেছ ঐক্যমঞ্চৰ মনোনীত প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ভৰত নৰহ, ৰানীৰ নৰহ তথা আন আন নেতাসকলৰ কংগ্ৰেছ ত্যাগে নিৰ্বাচনত একো প্ৰভাৱ নেপেলায়, বৰঞ্চ তৃণমূল কৰ্মীসকলে দুগুণ উৎসাহৰে কাম কৰিব বুলি মন্তব্য প্ৰদান কৰে।