পূব ডিব্ৰুগড়: জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ পৰা ওলোৱা ইংৰাজী ভাষাত লিখা এখন জাননীৰ বাবেই সদৰত গৰজি উঠিছে দল সংগঠন
যি সময়ত অসমীয়া ভাষাটোক দেশৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হ'ল সেই সময়তেই অসমত এলাগী কৰা হৈছে অসমীয়া ভাষাক। স্বয়ং ৰাজ্য চৰকাৰেই এলাগী কৰাৰ অভিযোগ উত্থাপিত হৈছে অসমীয়া ভাষাটোক। আজি বৃহস্পতিবাৰে বিয়লি ৪ বজাত সদৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ ডিব্ৰুগড় জিলা সমিতিয়ে।