সাপেখাতী: টকৌবামত অসম প্ৰদেশ কুড়ুঁখ ওৰাওঁ সংঘৰ ৬৪ তম্ প্ৰতিষ্ঠা দিৱস উদ্ যাপন,
সভাতআটছাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক অজিৎউৰাং
বুধবাৰে ৪-৩০বজাত টকৌবামত অসম প্ৰদেশ কুড়ুখ ওৰাওঁ সংঘৰ টকৌবাম আঞ্চলিক সমিতিৰ উদ্যোগত টকৌবাম ওৰাওঁ নাম ঘৰ প্ৰাংগনত উদযাপন কৰা হয়। এই উপলক্ষে সংঘৰ পতাকা উত্তোলন,স্মৃতি তৰ্পন কৰে।আবেলি তৰুণ ওৰাওঁৰ পৌৰোহিত্বত মুকলি সভা অনুষ্ঠিত হয়। আমন্ত্ৰিত অতিথি হিচাপে বৰহাট আঞ্চলিক কুৰ্মী সমাজৰ সভাপতি দীলিপ কুৰ্মী,আটছা চৰাইদেউ জিলা সমিতিৰ সম্পাদক অজিত উৰাং প্ৰমুখ্যে কেইবাজনো বিশিষ্ট লৈকে অংশগ্ৰহণ কৰে।